ভীমবৈঠকভীমসেন

ভীমবৰ দেউৰী (Assamese) [ Roman: bhim.bor deu.ri]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-30
1. Historial(Proper Noun-Masculine) A Social and political leader of early 20th century of Assam. He was minister of Gopinath Bordoloi ministry in 1946. ভীমবৰ দেউৰীৰ জন্ম হয় ১৯০৩ চনৰ ১ মে’ত শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলৰ বৰগাঁৱত৷ তেখেতৰ পিতৃৰৰ নাম আছিল গদাৰাম দেউৰী আৰু মাতৃৰ নাম আছিল বাজং দেউৰী৷ নিজৰ ওকালতি জীৱনৰ লগতে ভীমবৰ দেউৰীয়ে বিভিন্ন জনহিতকৰমূলক কামো কৰি গৈছিল৷তেখেতে উপলব্ধি কৰিছিল যে অসমৰ থলুৱা অনগ্ৰসৰ জনগোষ্ঠী(বড়ো,মিছিং,ৰাভা,তিৱা,দেউৰী,কাৰ্বি,মৰাণ,মটক,সোণোৱাল,কছাৰী আদি) বোৰক একত্ৰিত কৰি সকলোৰে উন্নতিৰ ব্যৱস্থা কৰিলেহে সমগ্ৰ অসমৰ উন্নতিয়ে পূৰ্ণতা পাব৷ সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ ১৯৩৩ৰ ১৭ এপ্ৰিলত নগাঁও জিলাৰ ৰহাত অসমৰ সকলো জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত কৰে৷এই সন্মিলনক ইতিহাসত “Assam Backward plains Tribal League”(ইয়াক চমুকৈ Tribal league নামেৰেও জনা যায়৷)নামেৰে জনা যায়৷অসমৰ ভূমি-পুত্ৰ জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য৷এই লীগৰ সাধাৰণ সম্পাদকৰুপে ভীমবৰ দেউৰীয়ে একেৰাহে ১৩ বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰিছিল৷এই লীগৰ তাগিদাৰ প্ৰতি সহাঁৰি জনায়েই ভাৰত চৰকাৰে অসম বিধানসভাৰ ১০৮ খন আসনৰ ৫ খন আসন জনজাতিসকলৰ বাবে সংৰক্ষৰণৰ ব্যৱস্থা কৰে৷ ১৯৪৬ চনত তেখেতে গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰুপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷